নৱকান্ত বৰুৱাৰ কবিতা

১"হে অৰণ্য হে মহানগৰ"
কার্ফুৰ সময় হ’ল ।
সূর্যস্নাতা নগৰীৰ আঁচলৰ শেষ ৰশ্মিকণো
শুহি ল’লে ৰাতিৰ আকাশে ;
নিস্তব্ধ মৰণ নামে । নগৰীৰ ধমনীত কাৰো অনুভৱ
কাজিৰঙা ডবকাৰ আৰণ্যক অপস্মাৰ
সৰীসৃপ-ক্রুৰ মৃত্যু... সর্পিল জীৱন ;
পলাতক দৈনন্দিন-নিয়ন-উজ্জল গধুলিৰ
ৰঙা নীলা শেতা মুখ
হেনা মধুমালা আৰু অলকানন্দাৰ......
পথ আৰু উপপথ গলি আৰু এভিনিউ
বোবা যন্ত্রণাত অন্ধকাৰ
পিচল মৃত্যুৰ সাপ ভৰিৰ তলেদি যায়
(পোহৰ পোহৰ ক’ত)
টেটুচেপা ট্রেফিকৰ দূৰৰ স্পন্দনে
ভয় আৰু আশ্বাসৰ জটিল উৎকন্ঠা আনে ;
(অৰণ্যত চকু জ্বলে বাঘ আৰু মেচেকাৰ)
জীৱন জীয়াই থাকে । তথাপি জীয়াই থাকে ।
আৰু থাকে জীৱিকাৰ গলিৰ সাঁথৰ
অমৃতৰ পুত্র আমি
মৃত্যু স্নাতা হে মহানগৰ !
২"এটা প্ৰেমৰ পদ্য"
Do you remember an inn, Miranda?
বাৰিষাৰ ৰাতি তোমাৰ কবিক
মনত পৰেনে, অৰুন্ধতী?
সেমেকা পোহৰে সোঁৱৰাই দিয়া
তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ
মনত পৰেনে
অৰুন্ধতী?
জোনাকে ডাৱৰে মৰমে বিষাদে
নুবুজা কবিতা,
আমাৰ মাজত ভগা সপোনৰ অতনু বাধা
মনত পৰেনে, অৰুন্ধতী!
দুবৰি বনত জোনাকীৰ মনি,
চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো জোন
(জোৱাৰৰ বাবে সাগৰ নাছিল!)
বৰফৰ দৰে চেঁচা পৰশতো
সিযে কি শান্তি!
অৰুন্ধতী!
অৰুন্ধতী!
বহুতো আকাশ পাৰ হৈ অহা
ধুমুহা পখীৰ এটি লহমাৰ নীৰ
বহুতো সপোন পাৰ হৈ অহা
কেঁচা টোপনিৰ ভিৰৰ মাজত
সেই এটা মাথোঁ
উজাগৰ ৰাতি,
মনত পৰেনে, অৰুন্ধতী?
বাৰিষাৰ ৰাতি মনত পৰেনে
অৰুন্ধতী!
৩"ইয়াত নদী আছিল"
দেখিছোঁঁ নদীৰ ধলে বলাৎকাৰ কৰা পথাৰক,
পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান,
শুনিছো সিন্ধুৰ বানে নিমিষতে নগৰক
আত্মসাত কৰি
এৰি থৈ গুচি যোৱা শ্মশানৰ প্ৰশান্তিৰ গান৷
উদগ্ৰ ধ্বংস নিছা, লোভব কুটিল দুঃসাহস
ছলনাৰ জীৱন্ত ধেমালি আৰু পাপৰ কুতসিত অভিসাৰ-
তাৰো সৌন্দৰ্য্যই মোক দিছিল স্বপ্নৰ জাল ৰচি,
কাৰণ, মইযে দিওঁ দুঃস্বপ্নকো স্বপ্নৰ মৰ্য্যাদা,
সিও বন্দী সূৰ্য্যকণা,
আহিছিল ভাঙি-ছিঙি পৃথিৱীৰ কঠিন জৰায়ু৷
কিন্তু মৰুভূমি আহে,
লাহে লাহে মাহে মাহে বছৰে বছৰে
আঁহতৰ খোৰোঙাত এপাহি কপৌ-ফুল সোনকালে সৰে
গোপন ব্যাধিৰ দৰে লাহে লাহে মচি নিয়ে
প্ৰাণৰ যিমান ৰং সেউজী সোণালী,
আঁকি দিয়ে তামৰঙী এখন আকাশ আৰু
ফুটছাঁই বৰণৰ এখন পৃথিৱী
নদীক নিজৰা কৰি জুৰিক শিলনি কৰি
বালিৰ দ’লেৰে গঢ়ে গছ-লতা ফুলৰ সমাধি,
ছয়া-ময়া জিঁয়া এটি বালিয়ে বালিয়ে উৰি,
পানীৰ কাৰণে ঘুৰি
ক’ৰবাত বাট হেৰুৱায়৷
মৰুভূমি এইদৰে আহে,
লাহে লাহে মাহে মাহে বছৰে বছৰে….
দূৰণিৰ নীল সেই গাঁওখনলৈ
এইবেলি সোনকালে আঘোণ আহিল-আহিনতে?
এইবাৰ ব’হাগৰ ঢল নাহেনেকি?
উজানৰ বগা মাছে ৰূপোৱালী নকৰে নিজৰা?
আষাঢ়ৰ ক’লা মেঘ পাহাৰৰ সিপাৰে থাকিল৷
পাহাৰ ইমান ওখ! ওখনে মেঘতকৈও?
ওখনে প্ৰেমতকৈও?
বৰষুণ?
ধাননিত নগজিল জোৱাৰ বজাৰ, আমাৰ বনত
দোঁ নেখালে খেজুৰি৷
কেৱল ফুলিব সিজু, মাজনিশা তৰাৰ পোহৰে
ৰেণু তাৰ বালিদাঁহী সাপক বিলাব৷ দুবৰি ধৰিব ছাটি
কাঁইটীয়া বনে৷
ৰাতিৰ বতাহে আহি ছটিয়াব শুকান বৰফ
দিনৰ পোহৰে তাতে ঢালি দিব কমলা ৰঙৰ গলা লোহা৷
তাৰ পিছে
উটৰ ডিঙিৰ ছাঁ, দীঘল ডিঙিৰ ছাঁ, শুই ৰ’ব
হাড় হৈ সাগৰৰ বাবে৷
এইদৰে শেষ হোৱা…এই যে ৰোমাঞ্চ মৰণৰ
ইযে প্ৰৌঢ়া ৰমণীৰ ৰমণ-বিলাস, অনভিজ্ঞ
কিশোৰৰ স’তে৷ য’ত
গ্লানিৰ অতৃপ্তি নাই, তৃপ্তিৰ অশান্তি নাই,
ধ্বংসৰ সৌন্দৰ্য্য নাই,কেৱল ক্ষয়ৰ আৱিলতা,
অনায়াস গ্ৰহণ কেৱল ক্লীৱতা
বালিৰ বতাহে জানো পাহাৰত ভাস্কৰ্য্য গঢ়েহি?
গঢ়ে বিভীষিকা৷
তাতো যি ৰোমাঞ্চ্ আছে, যদি আছে,
হে জীৱন,
নালাগে আশ্ৰয় তাত,
ভাগৰ লাগিছে মোৰ গঢ়ি গঢ়ি নতুন বিগ্ৰহ৷
৪"পলস"
পলাশৰ জুই নুমাল এতিয়া ৷
শাল আৰু চতিয়ন
বনত মানৰ দিনৰ অতীত বহাগৰ ধুমুহাৰ
কিমান সপোন সৰি গ'ল
তাৰ কোনে ৰাখে খতিয়ান
কলঙ কপিলী দিজুৰ পাৰত
ককাদেউতাৰ হাড় ৷
বুঢ়ী আইতাৰ কলিজাৰে গজে
বন নহৰুৰ ফুল ৷
ডাৱৰে কি ক'লে:
দিয়া আৰু দিয়া, নিঃশেষকৈ দিয়া
আলিৰ কাণত গছপুলি ৰোৱা -
এটা হাইস্কুল খোলা;
পথিক প্ৰিয় যে সদায়ে বাটত,
কাঢ়া দুটি হুমুনিয়া !
উৰুখা পানীয়ে উটাই নিয়ক
মৰা মকৰাৰ খোলা ৷
আমাৰ পলসে সাৰুৱা কৰক
কলঙৰ দুয়ো কূল !
আমাৰ নাতিৰ নতুন পামৰ নাঙলৰ শিৰলুত
আমি সাৰ পাম ৷
সিহঁতে পঢ়িব আমাৰ জীৱাশ্মত
জাতিস্মৰৰ হাঁহি উঠা সাধু ৷
সপোন অন্ধ যি গলিত
আমি থাকো তাৰে নয়ন জুলিত
সিহঁতৰ ভৱিষ্যত ৷

Comments

  1. অনুগ্ৰহ কৰি নবকান্ত বৰুৱা দেৱৰ "কোনে কাক বিদায় জনাব পাৰে" কবিতাটো দিব পাৰিব নেকি?

    ReplyDelete
    Replies
    1. মোকো লাগিছিল কবিতাটো ।

      Delete
    2. অজিত গগৈৰ কবিতা সেইটো

      Delete
    3. সেইটো অজিত গগৈৰ কবিতা

      Delete
  2. কবিতাবোৰৰ বিশ্লেষণ আগবঢ়োৱাতো বিচাৰো।

    ReplyDelete
  3. অজিৎ গগৈৰ কবিতা সেইটো

    ReplyDelete
  4. কোনে কাক বিদায় জনাব পাৰে
    বুকুত খোদিত হল যাৰ সঠিক ঠিকনা

    দুখৰ কৱচ পিন্ধি আমি এই বাটে গুচি যাম
    পাচে পাচে গুচি যাব সোঁৱৰণীৰ দীঘল ছাঁ

    ধূলিয়ৰী এই জীৱনৰ বাট
    বাটতে সুখ আৰু দুখৰ বেচা কিনা-হাট

    বাটৰ ধূলি গাত সানি লৈ
    সুখ আৰু দুখৰ গ্ৰাহক লৈ

    আমি এই বাটে গুচি যাম
    পাচে পাচে গুচি যাব সোঁৱৰণীৰ দীঘল ছাঁ

    বিদায় বুলি কেনেকৈ কওঁ
    বাটৰ দুৱৰিত নিজকে থৈ যোৱাৰ আমাৰ যে ইমান বাসনা।

    কবি🖋️অজিৎ গগৈ🌼

    ReplyDelete

Post a Comment